৬ জানুৱাৰী (ইংৰাজী: 6 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৯টা দিন (অধিবৰ্ষত ৩৬০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
- ১৮৩৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছীৰ ম'ৰিছটাউনত ছেমুৱেল ম'ৰ্চৰ টেলিগ্ৰাফ যন্ত্ৰৰ প্ৰথম নমুনা প্ৰদৰ্শন কৰিছিল।
- ১৮৮৩ - খলিল জিব্ৰান, লেবাননত জন্মগ্ৰহণ কৰা বিখ্যাত আমেৰিকান লেখক।
- ১৯২৮ - বিজয় টেণ্ডুলকাৰ, ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী।
- ১৯৫৫ - ৰৱান এটকিনচন, 'মিষ্টাৰ বিন'খ্যাত ইংৰাজ অভিনেতা, কমেডিয়ান আৰু লেখক।
- ১৯৫৯ - কপিল দেৱ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
- ১৯৬৭ - এ. আৰ. ৰহমান, অস্কাৰ বঁটা বিজয়ী ভাৰতীয় সংগীত পৰিচালক।
- ১৯৭১ - ইন্দ্ৰানী হালদাৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭১ - লীনা যাদৱ, ভাৰতীয় ছবি পৰিচালক।
- সশস্ত্ৰ বাহিনী দিৱস (ইৰাক)।