মুড়ি
মুড়ি | |
অন্য নাম | পাফ্ড ৰাইচ, মুধি, মুৰাই, ভাজা, হুড়ুম, ওৰুম,লাইয়্যা, মুড়মুড়ে, পাৰমাল |
---|---|
প্ৰকাৰ | জলপান |
উৎপত্তিৰ স্থান | বাংলাদেশ, ভাৰত, নেপাল, কোৰিয়া |
অঞ্চল | ভাৰতীয় উপমহাদেশ |
মুড়ি (ইংৰাজী: Puffed rice) হৈছে দক্ষিণ-পূব এছিয়া, পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ পৰম্পৰাগত খাদ্যত ব্যৱহাৰ হোৱা চাউলৰ পৰা তৈয়াৰী এক খাদ্য সামগ্ৰী। ১৯০৪ চনৰ পৰা পশ্চিমীয়া দেশসমূহতো ইয়াক ব্যৱসায়িকভাৱে উৎপাদন কৰা হয়। মুড়ি পুৱাৰ আহাৰ আৰু অন্যান্য জলপানৰ খাদ্যত জনপ্ৰিয়।
চাউলক বাষ্পযুক্ত খাদ্যলৈ বা 'পাফ্' কৰাৰ পৰম্পৰাগত পদ্ধতিসমূহৰ ভিতৰত তেল বা নিমখত ভাজিব পৰা যায়। পশ্চিমীয়া বাণিজ্যিক পাফ কৰা চাউল সাধাৰণতে ভাপৰ উপস্থিতিত ধানৰ গুটিবোৰ উচ্চ চাপত গৰম কৰি তৈয়াৰ কৰা হয় যদিও নিৰ্মাণৰ পদ্ধতি বেলেগ বেলেগ হোৱা দেখা যায়। মুড়িক কোমল শস্যজাত খাদ্য হিচাপে খোৱা হয়।
বিৱৰণ
[সম্পাদনা কৰক]মুড়ি বুজাবলৈ "পাফ্ড ৰাইচ" আৰু "পপড ৰাইচ" শব্দ দুটা ব্যৱহাৰ কৰা হয় যদিও ই সঠিকভাৱে বেলেগ প্ৰক্ৰিয়া। পাফ্ কৰা চাউলে পূৰ্ব-জেলেটিনাইজড চাউলৰ দানা (হয়তো পাৰ্বয়ল, সিজোৱা বা তিয়াই লোৱা)ক বুজায় যিবোৰ ৰন্ধা সময়ত ভাপৰ দ্ৰুত প্ৰসাৰণৰ ফলত পাফ্ কৰা হয়। পাফ্ কৰা চাউলে ধানৰ দানাটোৰ আকৃতি ধৰি ৰাখে, কিন্তু ই আকাৰত ডাঙৰ হৈ পৰে। আনহাতে পপ্ কৰা চাউলে ধানৰ দানাক বুজায় য’ত খোলা বা ব্ৰাণ অক্ষত অৱস্থাত থাকে। সিজিলে গুটিটো গৰম হোৱাৰ বাবে বাহিৰৰ কঠিন আৱৰণৰ মাজেৰে বিস্ফোৰণ ঘটে। পপ কৰা চাউলৰ আকৃতি পপকৰ্ণৰ দৰেই অনিয়মিত। পাফ্ আৰু পপড চাউল বনোৱাৰ বাবে আধুনিক আৰু পৰম্পৰাগত বিভিন্ন পদ্ধতি আছে।[1]
ভাৰত
[সম্পাদনা কৰক]ভাৰতত মুড়ি নামৰ উপৰি আন আন আঞ্চলিক নামসমূহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত পৰমাল, পুৰী, মুধি, মুৰ্মুৰা, মুৰ্মুৰি, বৰুগুলু, মাৰামাৰলু আৰু তামিলনাডুত পৰী নামেৰে জনাযায়। ই ওড়িশা আৰু পশ্চিম বংগৰ প্ৰধান খাদ্য।[2]
ইয়াক প্ৰাচীন কালৰে পৰা গৰম নিমখ, বালিত ভাজিব পৰা কৌশল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় য'ত ভাপত দি পিছত শুকুৱাই লোৱা চাউল পূৰ্বতে গৰম কৰা নিমখ বা বালিত ভাঁজি ফুলোৱা হয়।[3] প্ৰথমে কেৰাহীত নিমখ বা বালি গৰম কৰি লোৱা হয়। যথেষ্ট গৰম হোৱাৰ পিছত ইয়াত চাউল দি লৰাই দিলেই কেইছেকেণ্ডমানৰ ভিতৰতে চাউলবোৰ মুড়িলৈ পৰিণত হয়। বালি বা নিমখ ভালদৰে গৰম হৈ থাকিলে চাউলবোৰৰ প্ৰায় লগে লগে পাফিং আৰম্ভ হয় আৰু এমিনিটতকৈও কম সময়ৰ ভিতৰতে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় আৰু মুড়িখিনি চালনীৰে উলিয়াই পৃথক কৰা হয়।
পাফ্ড ৰাইচ হৈছে ভাৰতীয় জনপ্ৰিয় চাট ভেল পুৰিৰ এক অন্যতম উপাদান। দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যৰ সকলো পূজাত ইয়াক হিন্দু দেৱ-দেৱীৰ ওচৰত প্ৰসাদ হিচাপে অৰ্পণ কৰা হয়। সবৰীমালাৰ তীৰ্থযাত্ৰীসকলে প্ৰায়ে তেওঁলোকৰ ইৰুমুদিকেট্টুত ভগৱান অয়্যাপ্পনক উৎসৰ্গা কৰিবলৈ মুড়িৰ লগতে গুড় ব্যৱহাৰ কৰে। তামিল সন্তসকলে কয় যে ভগৱান গণেশে পৰী ভাল পায়, গতিকে তেওঁলৈ মুড়ি আগবঢ়াব লাগে। বিভিন্ন তামিল সাহিত্যত পৰীক হিন্দু দেৱতাৰ প্ৰসাদ হিচাপে উল্লেখ কৰা হৈছে। ভগৱান গণেশক দিয়া পৰী আৰু গুড়ৰ প্ৰসাদ তামিল কবি অৰুণাগিৰিনাথৰৰ দ্বাৰা ৰচিত ১৫ শতিকাৰ তামিল ধৰ্মীয় গীতৰ সংকলন তিৰুপ্পুগজত উল্লেখ আছে। গুজৰাটী খাদ্যত ইয়াক ‘মামৰা’ বুলি কোৱা হয় আৰু প্ৰায়ে মছলাৰ সৈতে তেলত লেতিয়াই ভাজি বা গুড় আৰু ঘিঁউ ব্যৱহাৰ কৰি মিঠা লাড়ু বনাই শুকান জলপান বনাবলৈ ব্যৱহাৰ কৰা হয়।
তেলেংগানাত সাধাৰণতে শিশুক দিয়া জলপান হিচাপে মুড়ি বা বৰুগুলুক গুৰ চেনিৰ চিৰাপ বা বেলাম পকামৰ সৈতে লাড়ু বনোৱা হয়।
কৰ্ণাটকত পাফ্ কৰা চাউল বিলাহী, গাজৰ, মছলা আৰু ধনীয়া পাতৰ লগত মিহলাই সন্ধিয়াৰ জনপ্ৰিয় জলপান চুৰুমুৰি তৈয়াৰ কৰা হয়।
মেক ইন ইণ্ডিয়াৰ উদ্যোগত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বিশ্বজুৰি মুকলি কৰা, ৰাজ্যৰ ১২টা পৰম্পৰাগত খাদ্যৰ তালিকাত ওড়িশাৰ পৰা অহা মুধি ভাৰতীয় পৰম্পৰাগত খাদ্যৰ অংশ হিচাপে ঘোষণা কৰে।[4][2]
মিথিলা আৰু বংগ অঞ্চলত পাফ্ কৰা চাউল "কছৰী"-ভজা আলু/পিঁয়াজৰ চপ, ভজা মাছ বা ছাগলী মাংসৰ তৰকাৰীৰ সৈতে খায়। "ঝাল -মুড়ি" আৰু "মুৰহী-ভূজা"ও এই অঞ্চলত অতি জনপ্ৰিয় জলপান। মধ্যপ্ৰদেশত ইয়াক পৰমাল বুলি কোৱা হয় আৰু ইয়াক অতি সঘনাই সেৱৈৰ সৈতে জলপান হিচাপে খোৱা হয় আৰু ভেলতো ব্যৱহাৰ কৰা হয়। কোনো কোনো অঞ্চলত ইয়াক লাই বুলিও কোৱা হয়, ইয়াৰ পৰা তৈয়াৰী ব্যঞ্জন যাক মিঠা লাই, লাই পোহা ইত্যাদি নামেৰে জনা যায়।
বাংলাদেশ
[সম্পাদনা কৰক]পাফ্ড ৰাইচ বাংলাদেশৰ জনপ্ৰিয় জলপান। বেছিভাগেই ঝালমুৰি বনাবলৈ ব্যৱহাৰ কৰা এইবিধ বাংলাদেশৰ আটাইতকৈ সাধাৰণ আৰু সস্তা জলপান। পাফ্ কৰা চাউল প্ৰস্তুত কৰিবলৈ ভাৰতৰ দৰেই প্ৰাচীন পদ্ধতি ব্যৱহাৰ কৰে। এই জলপান বাংলাদেশৰ যিকোনো ঠাইতে পোৱা যায়। পুৰণি ঢাকাত এতিয়াও প্ৰায়ে ঝালমুৰি-বিক্ৰেতাক ৰঙীন কাপোৰ পিন্ধি, গোৰোহাত ঘণ্টা লগাই বাসিন্দাক চিঞৰি চিঞৰি বিক্ৰি কৰা দেখা যায়। এই পাফ্ কৰা চাউল বা মুড়ি গুড়ৰ লগত মিহলাই মুড়িৰ মোৱা নামৰ ঘূৰণীয়া লাড়ু জলপানৰ আকৃতি দিয়া হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Juliano, Bienvenido O. (1993). Rice in human nutrition. International Rice Research Institute, FAO. http://www.fao.org/3/t0567e/T0567E0k.htm#Expanded%20(puffed,%20popped)%20rice%20products.
- ↑ 2.0 2.1 "Mudhi to be a part of global 'Make in India' campaign | Bhubaneswar News - Times of India". 2 August 2015. https://timesofindia.indiatimes.com/city/bhubaneswar/Mudhi-to-be-a-part-of-global-Make-in-India-campaign/articleshow/48319625.cms.
- ↑ Church, A. H. (1886). Food-Grains in India. Chapman and Hall. পৃষ্ঠা. 73-75. https://archive.org/details/cu31924000270680.
- ↑ "Humble mudhi makes it big". www.telegraphindia.com. http://www.telegraphindia.com/1150804/jsp/odisha/story_35223.jsp#.VcBR4_mqqko.