[go: up one dir, main page]

সমললৈ যাওক

পুহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
০১
17
০২
18
০৩
19
০৪
20
০৫
21
০৬
22
০৭
23
০৮
24
০৯
25
১০
26
১১
27
১২
28
১৩
29
১৪
30
১৫
31
১৬
01
১৭
02
১৮
03
১৯
04
২০
05
২১
06
২২
07
২৩
08
২৪
09
২৫
10
২৬
11
২৭
12
২৮
13
২৯
14
১৪৩১ ভাস্কৰাব্দ

পুহ অসমীয়া বৰ্ষপঞ্জীৰ নৱম মাহ। পুষ্যা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম পৌষ বা পুহ হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] পুহ মাহত ২৯ দিন থাকে।[2] পুহ মাহত হেমন্ত ঋতুৰ সমাপ্তি হৈ শীত ঋতুৰ আৰম্ভ হয়। এই মাহত মৃত লোকৰ শ্ৰাদ্ধাদিৰ বাহিৰে অন্য কোনো ধৰ্মীয় কাম-কাজ কৰা নহয়। এই মাহত গছ-লতা শুকাই যায়, শীতৰ প্ৰকোপ বাঢ়ে।

অন্য পঞ্জিকাত পুহৰ সমসাময়িক মাহ

[সম্পাদনা কৰক]

অসমীয়া পঞ্জিকাত পুহ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাডিচেম্বৰ আৰু জানুৱাৰী হয়। পুহ ডিচেম্বৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু জানুৱাৰীৰ মধ্যলৈকে থাকে।[2] পুহ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত মৃগশিৰা মাহ চলি থাকে।[1]

উৎসৱ-পাৰ্বন

[সম্পাদনা কৰক]

পুহ মাহত খেতিয়কে ধান কাটি সামৰি ভঁৰালত ভৰাই বছৰলৈ যতন কাৰি ৰাখে। এই সময়ত সকলোৰে ঘৰত ধান-মাহকে আদি কৰি টকা-পইচাৰ অভাৱ কম হয়। সেয়ে মাহৰ শেষত মকৰসংক্ৰান্তিত অসমীয়া সকলে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰে।[3]বঙালী সম্প্ৰদায়ৰ লোক সকলেও উৎসৱ উদযাপন কৰে। বাংলাদেশৰ ঢাকাত এই সময়ত ডাঙৰ মেলা বহে।[4][5] চাহ জনজাতিৰ লোকসকলে টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌৰ পৰৱ বুলিও কোৱা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Assamese months names". http://hindupad.com/assamese-months/. 
  2. 2.0 2.1 বৰকটকী কোম্পানী, যোৰহাট
  3. "Poush sankranti recipes" (en ভাষাত). The Daily Star. 2016-01-05. http://www.thedailystar.net/lifestyle/deshi-mix/poush-sankranti-recipes-196918. 
  4. "Winter melodies around Poush" (en ভাষাত). The Daily Star. 2011-01-09. http://www.thedailystar.net/news-detail-169229. 
  5. "Poush Mela held at Ramna" (en ভাষাত). The Daily Star. 2015-01-09. http://www.thedailystar.net/poush-mela-held-at-ramna-58989.